Nojoto: Largest Storytelling Platform
ankurroy7660
  • 21Stories
  • 59Followers
  • 119Love
    580Views

Ankur

  • Popular
  • Latest
  • Video
7ab82d69389192d918c4b6a7125411ab

Ankur

শব্দৰ প্ৰেমতো জানো কোনোবাই পৰিব পাৰে 
সুৰৰ ভাজতো জানো কোনোবাই নিজকে হেৰাব পাৰে
বৰষা , যাৰ নামতে মৌ বৰখে 
জানেনে বা , আপোনাৰ সুৰতো মধু বিয়পে ,
আপোনাৰ যাদুকৰী কণ্ঠ 
আৰু মৌ বৰষা সুৰৰ পৰখে 
যেন কঢ়িয়াই আনে চেঁচা সমীৰণজাক
যেন ফুলি উঠে হেজাৰ মৰহা গোলাপ ।

জানেনে , আপোনাৰ সুৰে কঢ়িয়াই আনিব পাৰে 
আবেলিৰ সাঁতোৰঙি ৰামধেনু 
বিয়পাই পেলাব পাৰে সুগন্ধি বকুলৰ আমোলমোল ।

গোটেই দিনটোৰ ভাগৰীয়া শৰীৰটো লৈ 
মাজনীশাৰ সময়কণত ,
আপোনাৰ সুৰৰ পৰশ 
থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত...
 উফ..... পলকতে যেন ভাগৰবোৰ হেৰাই পৰে 
 আকৌ এবাৰ প্ৰেমত পৰো আপোনাৰ সুৰৰ ।

মোৰ দৰেই হয়তো শতজনে হেৰাই পৰে 
আপোনাৰ সুৰৰ ভাজে ভাজে 
মোৰ দৰেই হয়তো সিহতবোৰৰো বিচাৰি পায় 
আপোনাৰ কণ্ঠত 
মাদকতা নিভাজ প্ৰেমৰ । 

বৰষা বা , 
আপোনাৰ ৰূপৰ বাখ্যাত মই শব্দহীন
শৰতৰ শেৱালি আপুনি , 
আপুনি জোনাকৰ জোনাকী 
বসন্তত কেতেকীৰ মাতত প্ৰাণ পাই উঠা 
কোমলীয়া কপৌপাহ আপুনি । 

অন্তত আপোনালৈ বুলি মোৰ নীৰৱ হৃদয়ৰ পৰা
অলেখ মৰম , 
ঘোৰ অমাবৈশ্যৰ বুকুত আপোনাৰ সুৰে
আগলৈও পোহৰ সিঁচক, 
মুগ্ধ কৰি যাওক সকলোকে 
আপোনাৰ সুৰৰ মৃদুজাকেৰে ।।  

                            আপোনাৰ বহুত ডাঙৰ অনুৰাগী 
                                অংকুৰ.....

©Ankur #Dark
7ab82d69389192d918c4b6a7125411ab

Ankur

তাইজনী 

সংগ্ৰামী জীৱনৰ পথটোত
কেঁচা কেঁচা খোজবোৰৰ সতে
আধাভগা সপোনবোৰ দুমুঠিত বান্ধি ,
আগুৱাই যায় অচিনাকি পথটিত ,
তথাপি ওলমি থাকে 
নিভাঁজ দুওঁঠৰ বাকৰিত 
তাইৰ মিঠা হাঁহিটো ।

তাইৰ মন মন্দিৰৰ দুৱাৰদলিত
সঁজাইছে এখনি 
সুগন্ধি ফুলৰ বাগিচা ,
যত প্ৰতিদিনেই থাকে 
পখিলা ভোমোৰা , 
ইয়াতে থাকে তাইজনী উমলী 
নিঃসংগতাৰ পৰা আঁতৰি ।

সুখত সুখী , বিষাদত চকুপানী 
আকৌ কষ্টত আগুৱাই দিয়ে 
সহায়ৰ হাতখনি , 
অহ সেইবাবেই ভাল লাগে তাইজনীক ।

অহ মই সৌভাগ্যজনৰ গৰাকী 
নিচেই ওচৰত পাই তাইজনীক 
তাইৰ মৌ বৰষা দুওঠৰ পৰশত , 
প্ৰাণ পাই উঠা প্ৰতিটো কথাই ,
চুই যায় মোৰ হিদয় , 
শিকাই যায় জীৱনৰ মাদকতা ।

অহ সেইবাবেই ভাল লাগে তাইজনীক ,
অহ বৰ ভাল লাগে , 
ঐ তাইজনী , নহবা সলনি , 
নাযাবা কেতিয়াও আঁতৰি ।।

                  ✍️অংকুৰ #depression #assamese_poem
#অসমীয়া_কবিতা

#depression #assamese_poem #অসমীয়া_কবিতা #कविता

7ab82d69389192d918c4b6a7125411ab

Ankur

                                    আকৌ এবাৰ 

মই ভাগৰা নাই 
ৰৈছো ,  দেখিছোঁ আকৌ ভাবিছোঁ 
বিচাৰিছো নিজতেই নিজক
হেৰুৱাইছে ৰাস্তাৰ কেঁকুৰীটো 
হেৰুৱাইছে পোহৰৰ বেলিকাবোৰ
বহুবাৰ পৰিছো ,  উঠিছোঁ , আগুৱাইছোঁ ।

বিশ্বাসৰ টোপোলাটো বাৰে বাৰে ভাগিল 
হাঁহিবোৰ হেৰাই থাকিল 
সেমেকা চকুযুৰি উপচি পৰিল ,
জীৱনে ঘাটে ঘাটে উজুটি খালে 
শিকিলে , 
কেউজনৰ পৰা ন ন ঠেকেচাবোৰ 
কিন্তু মই ভাগৰা নাই ।


দেখিলো শিকিলোঁ 
আজি কেবাদিনৰ পিছত পুনৰাই হাঁহিলো
পুনৰাই নিজতেই জাগিলোঁ 
ভগা সপোনৰ টুকুৰাবোৰ বুটলি 
আকৌ সাজিলোঁ , এবাৰ আকৌ ৰছিলোঁ ,

কেউজনে দিয়া বিষাদৰ জেউৰাখন 
তাহানিয়েই ভাগিলোঁ , এৰিলো 
চকুপানীবোৰ কেতিয়াবাই হেৰুৱালোঁ 
অহ মই ভাগৰা নাই 
মাথো ৰৈছো , দেখিছোঁ আকৌ ভাবিছোঁ 
উঠিছোঁ , আকৌ আগুৱাইছোঁ , 
আকৌ আগুৱাইছোঁ ।।




 #RIPHUMANITY #অসমীয়া_কবিতা #sadpoem

#RIPHUMANITY #অসমীয়া_কবিতা #sadpoem #कविता

7ab82d69389192d918c4b6a7125411ab

Ankur

                                    আকৌ এবাৰ 

মই ভাগৰা নাই 
ৰৈছো ,  দেখিছোঁ আকৌ ভাবিছোঁ 
বিচাৰিছো নিজতেই নিজক
হেৰুৱাইছে ৰাস্তাৰ কেঁকুৰীটো 
হেৰুৱাইছে পোহৰৰ বেলিকাবোৰ
বহুবাৰ পৰিছো ,  উঠিছোঁ , আগুৱাইছোঁ ।

বিশ্বাসৰ টোপোলাটো বাৰে বাৰে ভাগিল 
হাঁহিবোৰ হেৰাই থাকিল 
সেমেকা চকুযুৰি উপচি পৰিল ,
জীৱনে ঘাটে ঘাটে উজুটি খালে 
শিকিলে , 
কেউজনৰ পৰা ন ন ঠেকেচাবোৰ 
কিন্তু মই ভাগৰা নাই ।


দেখিলো শিকিলোঁ 
আজি কেবাদিনৰ পিছত পুনৰাই হাঁহিলো
পুনৰাই নিজতেই জাগিলোঁ 
ভগা সপোনৰ টুকুৰাবোৰ বুটলি 
আকৌ সাজিলোঁ , এবাৰ আকৌ ৰছিলোঁ ,

কেউজনে দিয়া বিষাদৰ জেউৰাখন 
তাহানিয়েই ভাগিলোঁ , এৰিলো 
চকুপানীবোৰ কেতিয়াবাই হেৰুৱালোঁ 
অহ মই ভাগৰা নাই 
মাথো ৰৈছো , দেখিছোঁ আকৌ ভাবিছোঁ 
উঠিছোঁ , আকৌ আগুৱাইছোঁ , 
আকৌ আগুৱাইছোঁ ।।




 #RIPHUMANITY #অসমীয়া_কবিতা #sadpoem

#RIPHUMANITY #অসমীয়া_কবিতা #sadpoem #कविता

7ab82d69389192d918c4b6a7125411ab

Ankur

নিশাটো বাঢ়িছে
কুঁৱলীৰ সুবাস চাৰিওপিনে বিওপিছে
পাতলকৈ মেলা সমীৰণজাকে
চেঁচা চেচাঁকৈ দেহ মন জুৰ পেলাইছে,
আলিবাটৰ দুবৰিত ,
হালি জালি নাচি থকা 
বকুলদুজোপাই নীৰৱে কথা পাতিছে ,
কাষৰত জ্বলি থকা পোষ্ট লাইটটোৱে
আন্ধাৰৰ বুকুত পোহৰ সিচিছে ,
ওচৰৰ দুৱৰিকোচাক, নিয়ৰে পোহৰাই তুলিছে , 
তাৰ ওপৰতে দুৱৰিয়ে ,,হেঁপাহ পলাই সাতুৰিছে ।
                                              নিৰব নিস্তব্ধ নিশাটোত
                                   নীৰৱতাই আহি কাণতে বাজিছে , 
                                চিঞৰিছে , আকৌ থমকিছে ।
                                ফটফটাই জ্বলি থকা জোনটোৱে 
                                       প্ৰেমৰ খেল খেলিছে , 
                                   ডাৱৰৰ মাজত লুকাই 
                              তিৰবিৰাই তিৰবিৰাই তৰাবোৰে ,
                              প্ৰেমৰ গীত গুণগুনাইছে ,
                             প্ৰকৃতি আইৰ এই 
                            মনোমোহা সৌন্দৰ্যই মোক
                         বাৰুকৈয়ে প্ৰেমত পেলাইছে ।। #Lantern #assamese_poem
7ab82d69389192d918c4b6a7125411ab

Ankur

लोग मुझे तब याद नई करता
जॉब मुझे उसकी जोरुरत हो
याद तो तब करता है
जब उसे मेरी जोरुरत हो..
             
            इसलिए अब सौर दिया है बोलना
       की कभी तो याद किया कर
   किउकी आजकल 
  मुझे भी उन लोगोकी
कभी याद ही नई आता
                                       😐😛 #Hair
7ab82d69389192d918c4b6a7125411ab

Ankur

#Diwali
7ab82d69389192d918c4b6a7125411ab

Ankur

#Diwali
7ab82d69389192d918c4b6a7125411ab

Ankur

#aashiqui2
7ab82d69389192d918c4b6a7125411ab

Ankur

ৰাতিপুৱা দুচকু মেলি
 প্ৰথমে তোমাক চাওঁ , 
প্ৰতিটো ক্ষণতে মাথো
 তোমাকে বিচাৰো ।
খাওঁতে শোওঁতে 
উঠোতে বহতে
মাথো তোমাৰ সতে উমলো , 
তোমাৰ দেহৰ পৰশ নাপালে 
এটি ক্ষণ তুমি আতঁৰিলে 
সচাকৈ চটফটাই থাকো ।

এতিয়া মোৰ নিশা নাহে টোপনি 
যেতিয়ালৈ তোমাৰ আলফুল দেহত
হাত বুলাবলে নাপাওঁ ,
তোমাৰ দুচকুত দুচকু থৈ
পাৰ কৰি দিওঁ ওৰেটো ৰাতি
ও মোৰ মৰমৰ মোবাইল ফোন
হয়তো আৰু এতিয়া তুমিবিহীন
 নোৱাৰিম জীয়াই থাকিবলৈ ।।
              😜😜 #rays #assamesepoem
loader
Home
Explore
Events
Notification
Profile