Nojoto: Largest Storytelling Platform
kalitakalita8642
  • 3Stories
  • 0Followers
  • 0Love
    0Views

kalita kalita

  • Popular
  • Latest
  • Video
34ed39941400ffea58e82d087f1f79c3

kalita kalita

🌸অনুৰাগৰ দেশত🌸
অনুৰাগৰ দেশত এডাল  কল্পবৃক্ষ  পুতিছো ,
এই যে তুমি কলা- মই তোমাৰ আপোন বাবে 
তুমি মোৰ অধিকাৰ ,সেইদিনাই। 
কল্পবৃক্ষ জোপা সজাইছো স্মৃতিবোৰৰে 
অভিজ্ঞতাবোৰ  নো কত ভাল,
স্মৃতি বোৰ হে ভাল ।
যদি তুমি বিচাৰিছা অভিমানবোৰ এনেদৰে থাকক
এইবাৰ মৰমবোৰে‌ হাৰ মানক
মই ও সিকি লম মৰমে হাৰ মনা চাবলৈ।
অভিমানবোৰ বৰ‌ বেয়া
আলসুৱা হৃদয়ত ইহঁতে বেছিকৈ‌ খেলা কৰে।
মনটোৱে নুবুজে এই অভিমানবোৰ 
আচলতে নিৰবতা আৰু আন্ধাৰৰ বাবে
নিজৰ প্ৰকৃত সত্তাৰ সৈতে
মতভেদ হলো ।
পথ দুৰ্গম যদিও এবাৰ শিখা ডাল চুব গল
সেয়ে তোমাৰ অভিমানবোৰ গুচাবলৈ
স্বাভিমানৰ সৈতে বিনিময় কৰিলো।
                     -মনিষা কলিতা  #thirdquote #assamesequote #assamesepoetry #assamesepoem #lovequotes
34ed39941400ffea58e82d087f1f79c3

kalita kalita

সিটো পাৰৰ ল'ৰাজন🌸🌸

 কেঁকুৰিটোৰ সিটো পাৰত বাস কৰে
তাইৰ তেজত উমনি দিয়া‌ বিশ্বাসৰ নিশ্বাসে 
অস্তিত্বৰ সজিবতা বিচাৰি বাস কৰে সি সিটো পাৰে
অহা যোৱা ‌কৰে সময়ৰ বাটেৰে।
অহা যোৱা কৰে পৰিস্থিতিৰ বাটেৰে।
নিখোজ বৰ্তমানৰ এটি আশা কঢ়িয়াই-
কেঁকুৰিটোৰ সিটো পাৰত সি বাস কৰে।

অলস চকুৰ‌ পতাত‌‌ তাৰ বেজাৰ সিপাইছে
হাঁহিৰ‌ মাজতো ঢাকিব পৰা‌‌ নাই  ভাগৰোৱা মন।
কেঁকুৰিটোৰ‌ সিটো পাৰত‌ বাস কৰিছে যদিও
ৰিঙি মাৰি খেদিছে তাক অতীতে।
প্ৰত্যাশিত মৰমবোৰ বৈ গৈছে তপত হৈ
অন্তৰংগ আলাপ কৰিছে-
আন্ধাৰৰ সৈতে। 
কেতিয়াবা ভিৰৰ মাজত ৰৈ নিজক বিচাৰিছে ।
কেঁকুৰিটোৰ সিটো পাৰত বাস কৰে-
তাইৰ তেজত বিশ্বাসৰ নিশ্বাস দিয়া ল'ৰাজনে।
                      -মনিষা কলিতা

  #secondquote #love #friendship #assamese #assamesewriters #feelings #hobby
34ed39941400ffea58e82d087f1f79c3

kalita kalita

ভাল অনুভৱবোৰ🌸

ভাল অনুভৱবোৰ কি!
হয়তো তাৰ মাজৰ এটি হʼব
কাৰোবাক ভাল পাবলৈ ধৰা অনুভৱখিনি
অনুভৱবোৰ স্থায়ী হৈ কেতিয়া থাকিব?
এই অনুভৱবোৰক যদি দুয়োৰে নিশ্বাস হবলৈ দিও।
হ্ৰদয়ৰ মন্থৰ ধ্বনিক অধʼগামি হবলৈ দিও।
স্থায়ী কৰি ৰাখিম নে,ভাল অনুভৱখিনিক 
স্মৃতি কৰি সাচিম? 

এই অনুভৱবোৰক যদি অতীতৰ‌ কনোবা এটা
 ভুলৰ লগত  ৰিজাও তেতিয়াও অধʼগামি হবনে মন্থৰ উশাহবোৰ। 
নে মন্থৰ হৈ থমকি ৰব।
ভাল লগা অনুভৱখিনিয়ে‌ যদি ভুল হৈ‌ ধৰা দিয়ে‌
আমাৰ মাজত।
তুমি বেছি কষ্ট পবা নে‌ মই!
ঠেহ পাতিবো হয়তো‌‌ তেতিয়া লাজ‌ অভিমানবোৰে,
ভাল ‌লগা অনুভৱখিনিয়ে।

ঠেহ পাতিবলৈ‌‌ দিয়া,
ভাল লগাখিনি ভাল‌ লগা হৈ‌ এ‌ থাকিব দিয়া 
এয়া হয়তো সময়ৰ আহ্বান।

                              -   মনিষা কলিতা  #firstquote #poemtime #assamese #love #assamesewriters

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile