One Sided Love প্ৰথম দেখাতেই ভাল লগা,😊 আৰু তাৰ পাছত সেই ভাল লগাবোৰ ভালপোৱালৈ কেতিয়া পৰিৱৰ্তন হ'ল তুমি হয়তো গমেই নাপালা । অচিনাকীৰ দৰেই চিনাকি হোৱা সেই প্ৰথম দিনটো তুমি হয়তো আজিও পাহৰি যোৱা নাই । প্ৰথম দেখিয়েই যে তোমাৰ heartbeat 65 ৰ পৰা 90 হৈছিল , সেইতো জানো পাহৰিব পাৰি । থৰ লাগি চাই থকা অৱস্থাত ধৰা পৰাৰ ভয়ত লগৰীয়াৰ লগত ব্যস্ত থকাৰ অভিনয়ো হয়তো তুমি নিশ্চয় কৰিছা । আৰে.. সেইটো কথা পাহৰাৰটো প্ৰশ্নই উঠিব নোৱাৰে । মিছা কৈছো নেকি ? তেওঁৰ WhatsApp dp আৰু last seen check কৰাতো হয়তো তোমাৰ অভ্যাসত পৰিণত হৈছে । কোনে জানে Chat list ত pined কৰি থোৱা সেই বিশেষ জনৰ নামৰ chat টোত তুমি যে হাজাৰবাৰ message কৰিবলৈ চেষ্টা কৰিছা । কথা মাথো এটাই তেওঁ বা কি ভাবে ?😑 Facebook ত upload তেওঁৰ প্ৰত্যেকখন photo save কৰাটোও তোমাৰ অভ্যাস হৈ পৰা নাই জানো ? লগৰবোৰে তোমাক তেওঁৰ নাম লৈ জোকোৱাত তুমি হয়তো আমনি পোৱাৰ অভিনয় কৰা । কিন্তু তেওঁৰ নামৰ লগত তোমাৰ নামটো শুনি তুমি যে আনন্দত আত্মহাৰা হৈ পৰা সেইটো জানো কাৰোবাক জানিবলৈ দিছা ? নিশ্চয় নাই দিয়া । কাৰণ সেইটো যে *TOP SECRET* ।😜 নহয় জানো ?😁