ব'হাগ বুকুত বাজি উঠোতেই, ক্ৰমাৎ সুৰবোৰ আহি হিয়াত থুপ খায়--- গধুলিবেলিকাৰ থুপিতৰাৰ নাচোন চাবলৈয়ে যেন..! আপোন কুলিটিও আহি আমৰডালত জিৰাই। ঢোলৰ ৰগৰত,পেপাৰ মাতত ক্ৰমে ব'হাগৰ গানবোৰ বৈ আহে, ওৰণি ফালি অহা বহাগীদিনৰ সুমথিৰা ৰঙবোৰ, কপালত ৰঙা বেলিটি হৈ জিলিকি উঠে---। এই বৰ্ণাঢ্যৰ যাত্ৰা যেন........ জেতুকাৰঙী আঙুলিৰ ভাঁজে -ভাঁজেই শিপাই আহে। হৃদয়ত জোনবিৰি আঁৰি, হালধীয়া হাঁহি এমুঠি দুগালত সানি, কোনে সেই দূৰণিৰ পথাৰত বিহু মাৰে।। প্ৰিয় ব'হাগ💚 #yqbandhoi #assamesepoetry